আমি

দোকমোকালিৰ অস্পষ্টতাত দেখো মই
স্পষ্ট উপলব্ধিৰ ৰং,
বহু কথা, বহু অনুভবৰ খেলি মেলি
ৰাগ বিৰাগৰ অহৰহ অহা যোৱা
আৰু সময়ৰ কোনোবা গুপুত নগৰীত
আত্মীয়তাৰ সন্ধানত ভ্রমি ফুৰা তোমাৰ-মোৰ জীৱন..
কঠিনতাৰ মাজত সহজতাৰ প্রাপ্তি
আৰু সৰলতা-জটিলতাৰ যুদ্ধ,
নাম যিয়ে নিদিওঁ কিয়
কিন্তু এই উপলব্ধি চিৰস্থায়ী„,
কেতিয়াবা মনোৰম সপোন
কাহানিবা কঠোৰ দিঠকৰ সৈতে মুখা মুখি,
নতুন যাত্রাৰ আৰম্ভনি
নে পুৰণী কবিতাৰ উৱঁলি যোৱা অনুভৱ ?
নাম নাজানোঁ, কিন্তু কোনো অন্ত নোহোৱা এখনি যেন নাট..
যেন মুখত ৰং সানি হালধীয়া লাইটৰ পোহৰত
শেঁতা শেঁতা দেখা কোনো নামবিহীন থিয়েটাৰৰ
নায়কৰ ভূমিকাত আমি..
নে পোৱা নোপোৱাৰ দোমোজাত ওলমি থকা
দিনত অন্ধ আৰু নিশা সাৰ পাই উঠা
বাদুলীৰ প্রতিবিম্ব আমি ?
  

Comments

Popular Posts