তোমাৰ মৰমৰ......

কোনো ক্রমৰ দাস নহয় মোৰ জীৱন

নাই একো লয়, নাই মন্ত্র-নিয়মৰ কঠিন আৱলি

মোক কোনে জানো লে যে

শাৰী-শাৰী মানুহৰ মাজত তেনেই নগণ্য মোৰ পৰিচয় ?

মই আজি দাম্ভিক কিম্বা অভিমানী,

নতুবা মই কোনো দেশৰ ৰজাৰ

আলাসৰ আদৰুৱা ৰাজৰাণী

নাই গতানুগতিক কোনো শ্রেণীত মোৰ স্থান 

মই মুক্ত মনে তোমাৰ আৰাধনা কৰোঁ,

মই নেজানোঁ কোনো ভাবনাত্মক কবিতাৰ ভাষা,

মোৰ নাই কোনো জ্ঞানৰ খনি তোমাক যাচিবলৈ,

শৃঙ্খলতা মানিবলে কোনো বাধ্যবধকতা নাই মোৰ..

বেদৰ লেখনি নুবুজোঁ মই,

উপনিষদৰ বচন মোৰ অগোচৰ 

উপন্যাসৰ পৃষ্ঠাত মোৰ পৰিচয় নাই,

মহাকাব্যৰ ঘটনাৱলী মোৰ অজান্তি..

মই নিয়মাৱলীৰ উল্লেখ থকা কোনো গ্রন্থৰ 

  বিথিকাৰ এটি মাথোঁ পৰিচ্ছেদ নহওঁ,

মই নহওঁ সৃষ্টিৰ প্রেৰণা,

মই নহওঁ আদিম বাসনা 

এলান্ধুকলীয়া যুক্তিত মোৰ বিশ্বাস নাই,

অতীজৰ সোঁৱৰণীত মোৰ চিনাকী নাই,

মই মাথো মই’..

তোমাৰ জীৱনৰ একেটি জোন

তোমাৰ মৰমৰ……

Comments

Popular Posts