তুমি...মই

মোক এক বিবেকবিহীন আবেগিক প্রাণী বুলি নেভাবিবা
মই অকাৰ্য্যকৰী চিন্তাধাৰাৰ মানুহো নহয়,

তোমাৰ ঐক্যৱদ্ধতা যদি প্ৰামাণিক তেনেহলে

মোৰো বিশ্বাসসাধ্যতাও কৃত্রিম নহয়

নাথাকিব পাৰে মোৰ এক সুকীৰ্ত্তিজনক ইতিহাস,

তোমাৰ সমান চহকী নহ পাৰে মোৰ জ্ঞানৰ ভঁৰাল

কিন্তু নলিনী বালা দেবী উদ্যানৰ

হাবিৰে আবৰি ধৰা মূৰ্তিটো দেখিলে 

মোৰো নিজকে বৰ অকামিলা যেন লাগে

ব্রহ্মপুত্র পাৰৰ লাচিতৰ মূৰ্তিটোতো হেনো

বহু প্রেমিক-প্রেমিকাৰ নাম খোদিত

তোমাৰ দৰে মইও বুজি নেপাওঁ এনেধৰণৰ প্রেমৰ অভিব্যক্তি

বহু শ্বহীদ বেদীত বনগুটিৰ হাবি আৰু

শেলুৱৈ আৰু অৱহেলাৰ চামনি

কিন্তু তাৰ বাবে তুমি বেছি পৰিমানে অসমীয়া

বা মই কম মানদণ্ডৰ অসমীয়া নহওঁ

মোৰ আখৰৰ সমন্ময়ে কৰা নাই কোনো আন্দোলনৰ সৃষ্টিনকৰে কাহিনিও ;

বহু বিপ্লবীৰ প্রেৰণা তোমাৰ কবিতা,

তুমি ৰচোঁতা বহু স্মৰণীয় আধ্যায়ৰ

কিন্তু তুমি কেনেকৈ জানিলা যে তোমাৰ কাণ্ড জ্ঞান মোতকৈ বেছি ?

হয়তো কাইলৈ ভৰলুমুখস্থিত সুধাকণ্ঠৰ বেদীতো

এটি সুন্দৰ প্ৰতিমূৰ্তি স্থাপিত ,

আৰু এদিন কোনোবা আবেগ-বিহ্বল 

কিন্তু কাণ্ডজ্ঞানহীন প্রেমিকে তাতে শিলেৰে ঘঁহি ঘঁহি

নয়ন + কৰবীবুলি লেখিব

মই হয়তো তাকে দেখি মনত দুখ পাম,

বিদেশী পৰ্য্যতৰ আগত লাজ পাম

পিছে তুমি মোক তাৰ বাবে দোষাৰোপ কৰিব পৰা

ক্ষমতা বা যোগ্যতা তোমাৰ জানো আছে ?

কাৰণ তুমিওচোন মোৰ দৰেই এটা অকামিলাহে মাত্র

Comments

Popular Posts