চিনাকী নে অচিনাকী?
মোৰ আঁচনিৰ পাতনিতে তোমাৰ হস্তাক্ষৰ,
তোমাৰ উদগ্রীৱ খোজবোৰে মোৰ পদূলীত চিন থৈ যায়
মোৰ দুৱাৰদলিত পৰি ৰয় বহু কুঁহিলা-কোমল অনুভৱ
এইবাৰ তুমি মোক ভাঙি-পাতি ক’বা
তোমাৰ অনুভৱৰ ঢৌবোৰ
আগ্রহী নে অনুৰাগী?
কোনো এটি নামহীন ধ্বংসস্তূপৰ শ্ৰদ্ধাঞ্জলি লেখিছিলা তুমি…
ৰাতিৰ কবিতাবোৰ তৰা হৈ জিলিকিছিল
কেতিয়াবা তুমি সপোনৰ আশ্রয় লৈছিলা
কেতিয়াবা দিঠকৰে সৈতে হৈছিল তোমাৰ বাৰ্তালাপ…
আজৰি পৰত ক’বাচোন মোক -
আখৰবোৰৰ সংজ্ঞাবোৰ
পাহৰণি নে সোঁৱৰণি?
মহাপ্রলয়ৰ অন্তত জীয়াই থকা এটি সৰু ফুলৰ কলি
তুমি বুটলি আনিছিলা-মনত আছেনে?
এখন একপক্ষীয় মহাযুদ্ধৰ বহুতো ঘূণীয়া সৈনিকৰ
তুমি ছবি আঁকিছিলা…।
তুমি মোক সপোনেৰে জীৱনক সজাবলেও কৈছিলা…
সৃষ্টিৰ শেষৰ দিনা তুমি মোক বুজাই দিবা, সৰল ভাষাৰে,
বতাহত উৰি ফুৰা উপলব্ধিৰ ছাঁবোৱ
পৰিণতি নে প্রতিশ্রুতি?
আজি তুমি প্রতিভাত…মোৰ চকু চাঁত মাৰি ধৰিছে ;
তুলিকাত চাটি-ফুটি কৰি থকা ৰঙবোৰৰ হেঁচাত
মই বিছাৰি পোৱা নাই তোমাৰ ঠিকনা;
মোৰ বন্ধ মুঠিৰ পৰা সৰি পৰে এমুঠি ধূলি
আৰু হেৰায় যায় মোৰ বাট…
কিন্তু মই খোজ দিওঁ এটি নতুন বাটেৰে
কুঁৱলী, শিল আৰু ঘোলা পানী এডোঙা মোৰ সহযাত্রী হয়…
অলপ নিবিড়তা, অকণমান সান্নিধ্য…
আৰু তুমি?

Comments
Post a Comment