তুমি.........
এনিশাৰ কথা, ক’ব নোৱাৰাকৈয়ে তুমি আহিছিলা,
গোপনতাৰ আঁৰত লুকাই…
এজাক কোবাল বৰষুন, এখনি গোমা আকাশ,
আৰু ক’লা ডাৱৰৰ বুকুত কুচিমুছি
সোমাই থকা এটি জোনবাই…
মই বা ক’ত আছিলো?
হয়তো দৈনন্দিন ব্যস্ততাৰ পিছত হৈ গৈছিলো ভাগৰুৱা,
নতুবা মই কিজানি আছিলো চোতালত বহি…
বিচাৰিছিলোঁ ডাৱৰৰ আঁৰত জোন আৰু তৰা…।।
কিন্তু তোমাক মই দেখিছিলো অহা,
যেন কোনোবা ৰহস্য সনা পটকথাৰ নায়ক তুমি…
এন্ধাৰৰ লগ হই আহিছা কিয় ইমান গোপনে??
আঁতৰৰ পৰা চাইছিলা কিয় জুমি জুমি ???????
ক’ইছিলো তোমাক মই যে তুমি মোৰ অতি প্রিয়…
নোকোৱা আবেগৰ , নোপোৱা প্রেমৰ ভাবনা…
তুমি আছলতে এটা উপলব্ধি, এটি আশা,
মোৰ মনৰ আকাশত অমাবস্যাতো জিলিকি থকা
একেটি চন্দ্রমা………।
তুমি অনুৰাগ, তুমি এক অনুভূতি,
তুমি এক ফুলৰ সুবাস…
তুমি কবিতা, তুমি মোৰ মনৰ আকুলতা্,
মোৰ পৃথিবী সাবটি থকা তুমি বিশাল আকাশ………
Comments
Post a Comment