অনুপ্রেৰণা
অনুপ্রেৰণা, তোমাক ক’ত বিছাৰিম মই??????
লুইতৰ চেচা পানিত, নে লালকিলাৰ সেন্দুৰী বৰণত,
আছা নেকি তুমি সূর্য্য পাহাৰৰ শীলৰ মূর্ত্তিত,
নতুবা লুকাই আছা পূৰানা কিলাৰ সেউজীয়া ৰহস্যত????
নিলাচলৰ নিলিমায়ে কয় নেকি তোমাৰ কথা ??
আৰাৱলীৰ শুকান চূড়াই গাই তোমাৰেই গীত ……
কন্নৌত প্লেছৰ ইনাৰ চার্কলৰ প্ৰাণৱন্ত বতাহত আছা জানো তুমি উৰি?
মার্ঘেৰিটাৰ চাহ বাগিছাত ফুৰিছা নেকি ঘূৰি??
ঢেকিয়াখোৱা নামঘৰৰ চাকিৰ জ্যোতিত তোমাৰেই ছাঁয়া,
নিজামুদ্দীনৰ সেউজ চাদৰত তোমাৰ প্রতিবীম্বৰ মায়া ।
অনুপ্রেৰণা, তোমাক ক’ত বিছাৰিম মই??????
চেৰাপুঞ্জীৰ জীবন্ত জলপ্রপাত তোমাৰ অস্ত্বীত্বৰ সাক্ষী,
যমুনাৰ নিত্যনৈমিত্তিক সংগ্ৰামত আছে তোমাৰেই প্রতিচ্চবি ।।
তুমি আকাশত, ৰঙা পথাৰত আৰু হাইৱেৰ অনন্ত দৈৰ্ঘ্যৰ মাজত,
অনুপ্রেৰণা, তুমি সৰ্বব্যাপী… সদায়ে থাকিবা কাষত ।।।
মৰহি যোৱা শেৱালি সৰি ডালটি উদঙ কৰে,
আৰু তলসৰা ফুলৰ অন্তিম উপহাৰে ধৰণীক কৰে সাৰুৱা…..সেউজবর্ণ..
অনুপ্রেৰণা, তুমি অবিনাশী, অক্ষত…..চিৰস্থায়ী……
তুমি ভাৰতত, তুমি মোৰ অসমত, তুমি চিৰযুগমীয়া উৎসাহৰ চিহ্ন ।।

Comments
Post a Comment