কিনো ক’লা তুমি?


কিনো লা তুমি? ইমান লাহেকৈ কানে কানে আহি
বুজি পুৱা নাছিলোঁ মই।।
স্পষ্টকৈ নকলে বুজিমনো কেনেকৈ??
আকৌ আহি যোৱা কৈ
কপি উঠা বুকুৰ স্পন্দনবোৰে নাচি বাগি আমনি কৰে,
তাতে আকৈ তোমাৰ অস্পষ্ট ভাষাই মন উতলা কৰে
মিঠা মিঠা মাতৰ মৰমৰ গীত শুনি লাগে মোৰ কিমান ভাল,
ভাল লাগে বৰ কপৌ ফুল পাহি আৰু বিহু নাচৰ সেই তাল
তুমি বুজানে? ভাল পোৱান? কোৱা মোক আজি আহি
শুনিবলৈ মই ৰই আছো জানা পিৰালিৰ চুকতে বহি 
নিজানতে বহি অকলশৰে মই দেখি আছো সপোন মিঠা মিঠা,
কেতিয়া আহি কানতে কবাহি কবিতা কবিতা লগা এটি কথা?

Comments

Popular Posts