তুমি ৰং বুট’লিছা?
তুমি ৰং বুটলিছা?
নীলাচলৰ নীলা বৰণ গোটালানে?
আৰু মানাহ নদীৰ স্বচ্ছতাখিনি সামৰিলা জানো?
ল’বা কিন্তু একাজলি সোণাৰুৰ হালধীয়া,
আৰু ন খেতিৰ চকুৰোৱা ৰঙ, কলপতীয়া ।
সন্ধ্যা আকাশৰ হেঙুল আনিছানে তুমি?
থুঁপাই থোঁৱা কাষতে খৰিকজাঁইৰ শুকুলা আভা
তেজ ৰঙা বেলিটিৰ এচলু ৰক্তিমা…..
ক’লা লৈ অপেক্ষাৰত নিশাৰ কৃষ্ণবৰ্ণী দেহা ।
জ্যেষ্ঠৰ আশীর্বাদত,জ্ঞানৰ পোহৰত পাবা নানা বৰ্ণ,
ৰঙৰ ভঁৰাল এতিয়া তোমাৰ হ’ল পৰিপুৰ্ণ ।
গোটালানে তুমি বাৰু জীৱনৰ চিত্ৰফলক?
স্রজিবা তাতেই নানাৰঙী
ভাবনাৰ সপোন আৰু দিঠক ।
বোলাই দিয়া তুলিকাত ভিন্ন ৰং
আৰু সাঁজা মানবতাৰ আকৃতি,
ঢালি দিয়া আশাৰ চানেকি,
কৰি যোৱা নিতে তুমি নৱ নৱ সৃষ্টি ।
পুৰ্ণ শেহান্তৰ ছবিখনি মোক দিবা,
বিচাৰিম তাৰ বৈভিন্নতাৰ মাজত
অত’ যুগে বিচাৰি নোপোৱা
ঐক্যতাৰ সাঁচ, আৰু অনাগত দিনৰ
প্রগতিৰ ঠিকনা……………
Comments
Post a Comment