শ্যামল বিটপীৰ শীতল ছাঁ

শ্যামল বিটপীৰ শীতল ছাঁ

ৰিব-ৰিব বতাহৰ জুৰণীয়া বা,

সৰুপথাৰৰ উদ্যম নে চিলাপথাৰৰ ধান

পাহাৰৰ স্নেহ আৰু ভৈয়ামৰ মান 

ভূপেন্দ্রৰ মনালিছা লিঙদৌৰ দেশ,

নে জয়ন্তৰ প্রেমিকাৰ শুৱনি প্রদেশ ?

নীলাভত আছে লুকাই চিয়াঙৰ ঢল,

দেখিছোঁ তাতে মেঘনাৰ সলিল নির্মল 

সেউজ পৰ্ণ সৰলৰ প্রাণৱন্ত আশা,

ৰক্তিম স্কন্ধীৰ বিপ্লবী ভাষা 

নিসৰ্গৰ সৃষ্টি অপৰূপ শোভা

শ্যমলীমাৰ বুকুত দেখোঁ সমৃদ্ধিৰ আভা 

Comments

Popular Posts