ক’লা নগৰীৰ ক’লা এটি ৰাতি


লা নগৰীৰ লা এটি ৰাতি
আৰু যাযাবৰী  মোৰ মন,
হালধীয়া স্ট্রিট লাইটৰ পোহৰত
দেখিছোঁ ৰাজধানীৰ ছবিখন 
ৰঙা নীলা পোহৰত লুকাই 
যেন পৰিছে আত্মিয়তাৰ চিহ্ন,
মই অকলশৰীয়া,মন বনৰীয়া,
….যেন মৃতপ্রায়অনুভৃতিহীন 
বাটৰ ওপৰত পৰি আছে আইনাৰ ভাঙি পৰা টূকূৰাবোৰ,
ঠিক যেনেকৈ হতাশাত ভাঙে কুমলীয়া সপোনবোৰ 
ৰজনীৰ আগমনে সাৰ পোৱাই দিছেহি বহু অপৰিচিত দানব,
চাই আছো মই নিৰবে নিথৰ হৈ ভিণ্ণ বিভিণ্ণ মানব ।।
আচহুৱা ভিৰৰ মাজত আছোহি 
সোমাই উৰুঙা উৰুঙা দেহ মন,
সঙ্গীবিহীন সপোন, একাকীন জীবন 
আৰু ব্যর্থ যেন জীবনৰ ৰণ 
আচহুৱা লাগে এই মাত কথা.
বিচিত্র পৰিবেশবৰ অচিনাকি,
মনত পৰে মোৰ শৈশবৰ বন্ধুৰ ওঁঠতে লগা সেই হাঁহি মিছিকি ।।
ৰিণিকি ৰিণিকি দেখিছো দূৰৈত
মাৰ আঁচলৰ শীতল ছাঁয়া,
আৰু দেখিছো মোৰ চকুলৈ চাই 
দেউতাৰ মুখত ফুটি উঠা এক অবুজ মায়া 
একান্ত হৈ ভূমুকি মাৰোতেই
দেখিছোঁ কিয় ভাইটিৰ হাঁহি?
খৰিকাজাঁইজোপাৰ ডালভৰা ৰূপটি
জিলিকি উঠিছে আগতে আহি ।।
এই মহানগৰী,হয়তো বৰ শুৱনি,
কিন্তু কাষতে নাই মোৰ কোনো লগৰী,
সময়ৰ সোতত, নতুনক পায়…..
তোমালোকে জানো মোক লা পাহৰি??
লা বগা ৰূপ ৰঙীন সপোন আৰু 
আপুৰুগিয়া সপোন বুকুতে সাবটি,
হাত বাউল দি মাতি থকা নীলা পাহাৰৰ বুকুলৈ 
শীঘ্রেই ঘূৰি যাম মই উলটি ।।।

Comments

Popular Posts