কিয় ?
বৰষাসিক্ত এটা গধূলীৰ ছায়াঁৰ আঁৰতে
সাচি থৈছিলোঁ মই বহু প্রশ্ন….
প্ৰভঞ্জনত ককবকাই পৰি আছিল ইমানপৰ
এন্ধাৰৰ কোনোবা গুপুত কোঠালিত….
কিয় ইমান অশান্ত মোৰ মনৰ নদী ?
জানো মই নাই কোনো বন্দৰ আজি…
অস্থিৰ ঢৌবোৰে কিয় কৰে উন্মনা ?
সপোনবোৰ ন কৈ কিয় আহে সাজি কাচি ?
এটা পাহৰি যোৱা আবেগৰ আহ্বানত
ধৰফৰাই উঠে কিয় মোৰ আকুল হৃদয় ?
অথর্ব মাদকতাবোৰে ঘূৰণী বতাহত
হাবাথুৰি খাই আজি আনিছে পাহৰা প্রণয় ।
কিয় মই বুজাব পৰা নাই তোমাক
চিনাকী প্রশ্নৰ সত্য সাৰাংশ ?
কিয় মই নুবুজো, কিয় মই নেদেখোঁ
কিয় মই নাপাওঁ আজি বৃষ্টিৰ স্পর্শ ?
তুমিতো জানিছা, তুমিতো বুজিছা…
হ’লেও কিয়নো ভাবিছোঁ আজি ?
নীলাকৈ নদীৰ নীলাভ বুকুৱে আমন্ত্ৰণ কৰিলে
হঠাতে তুমি যদি যোৱা আঁতৰি ?
কিয় মই বিচাৰোঁ বাৰিষাৰ ঢলত
মচি দিয়া দিনবোৰৰ চিনাকী ছবি ?
কিয়নো লাগিছে ইমানকৈ আপোন যেন
সাচি থৈছিলোঁ মই বহু প্রশ্ন….
প্ৰভঞ্জনত ককবকাই পৰি আছিল ইমানপৰ
এন্ধাৰৰ কোনোবা গুপুত কোঠালিত….
কিয় ইমান অশান্ত মোৰ মনৰ নদী ?
জানো মই নাই কোনো বন্দৰ আজি…
অস্থিৰ ঢৌবোৰে কিয় কৰে উন্মনা ?
সপোনবোৰ ন কৈ কিয় আহে সাজি কাচি ?
এটা পাহৰি যোৱা আবেগৰ আহ্বানত
ধৰফৰাই উঠে কিয় মোৰ আকুল হৃদয় ?
অথর্ব মাদকতাবোৰে ঘূৰণী বতাহত
হাবাথুৰি খাই আজি আনিছে পাহৰা প্রণয় ।
কিয় মই বুজাব পৰা নাই তোমাক
চিনাকী প্রশ্নৰ সত্য সাৰাংশ ?
কিয় মই নুবুজো, কিয় মই নেদেখোঁ
কিয় মই নাপাওঁ আজি বৃষ্টিৰ স্পর্শ ?
তুমিতো জানিছা, তুমিতো বুজিছা…
হ’লেও কিয়নো ভাবিছোঁ আজি ?
নীলাকৈ নদীৰ নীলাভ বুকুৱে আমন্ত্ৰণ কৰিলে
হঠাতে তুমি যদি যোৱা আঁতৰি ?
কিয় মই বিচাৰোঁ বাৰিষাৰ ঢলত
মচি দিয়া দিনবোৰৰ চিনাকী ছবি ?
কিয়নো লাগিছে ইমানকৈ আপোন যেন
Comments
Post a Comment