মই তোমাক পাহৰি যোৱা নাই
তোমাৰ প্রতিতো কথা মই আজিকালি বিশ্লেষণ নকৰোঁ,
তোমাৰ কাৰ্য্য-কলাপৰো হিচাপ-নিকাচ নেৰাখোঁ মই,
তোমাৰ সময়ৰ নাটনি নে আবেগৰ নাটনি নে প্রেমৰেই নাটনি
সেয়াও মই আজিকালি নেভাবো্,
আধৰুৱা কবিতাৰ আৰু আধালেখা উপন্যাসৰ
নায়িকা হোৱাৰ হাবিয়াসো মোৰ আজি নিঃশেষ,
তাহানিৰ হেঙুলীয়া গধুলিবোৰত কপাহী মেঘৰ বুকুত
মোৰ আকলুৱা মনৰ কথাবোৰ তোমালৈ লিখি পঠিওৱা মনত পৰে,
কিন্তু আজিকালি যাযাবৰী ডাৱৰৰ বাট চাই মই ব্যাকুল নহওঁ…
অস্পষ্ট অনুভূতিবোৰ পৰিভাষাৰ পৰিধিত আবদ্ধ কৰাৰ
ব্যৰ্থ প্রচেষ্টা মোৰ মনত পৰে,
জোনাক, সাগৰ, অৰণ্য, আকাশ, নদী -
সকলোতে তোমাৰ মৰমৰ উপমা চলাথ কৰাও মনত পৰে,
নিজান ৰাতিবোৰত তুমি মোৰ বাবে কবিতা লেখাৰ কথা কৈছিলা
মোৰ আত্মাৰ শূণ্যতাক পৰিপূৰ্ণতাৰে সজাই তুলিছিল তোমাৰ মাতষাৰে-
যেন অসুৰক্ষিত অনুভববোৰে নিৰাপত্তাৰ ঠিকনা বিছাৰি পাইছিল…
যদিও মান-অভিমান কৰাৰ নতুবা অভিযোগক প্রশ্রয় দিয়াৰ নতুবা
সপোন ৰচাৰ অৱকাশ তোমাৰো নাছিল…
মোৰ পাৰাপাৰ নেদেখা বিশ্বাসৰ অগ্নি-পৰীক্ষা আজি শেষ,
দৈনন্দিনৰ একঘেঁয়েমিতাত মই তোমাক পাহৰি যোৱা নাই
মাথোঁ পৰিপূৰ্ণতাৰ তৃপ্তিত মই আজি বিলীন
আজি মই আশ্বস্ত
আজি মই অভিশংকা মুক্ত
মোৰ ভালপোৱাৰ তীব্রতাও নেজানোঁ, প্রবলতাও জুখিব নোৱাৰোঁ
প্রতিশ্রুতি নতুবা সত্যাৰ্পণৰ অধিন নহওঁ মই আজি
আজি মোৰ হৃদয়, মোৰ মন, মোৰ আত্মা ৰামধেনুৰ সাতো ৰঙেৰে বৰ্ণিল……

Comments
Post a Comment