অচিনাকী
কোনোবা চিনাকী, হয়তো অচিনাকী কোন সি নেজানিলোঁ মই,
আহিছিল কিন্তু নিচেই কাষলৈ এবুকু মৰম ল’ই ৷৷
নিমাত হৈয়ো সকলো ক’লে আহি মোৰ কাষতে সি বহি,
মোৰ সুৰবোৰ বুজিলে কেনেকৈ, ক’ৰপৰানো আহি???
কোন তুমি? মোৰ অস্তীত্ব কেনেকৈ চিনি পালা ??
মোৰ মনৰ সুৰবোৰ তুমি কেনেকৈ নোকোৱাকে বুজি পালা ???
কত’ ঠাই দেখিলো, কত’ মানুহ লগ পালো, নাছিলা মাথোঁ তুমি,
তোমাক বিচাৰি কত’ যুগ গ’ল,মই জ্বলিলো উমি উমি……।
কেনেকৈ জানিলা মোক তুমি বাৰু মইতো নহয় তৰা,
যে ওৰেই ৰাতি বহি চাই চাই চিনি পালা দূৰৈৰ পৰা…
নহওঁ মই নদি আৰু নহওঁ মই প্রাণভৰা কোনোবা জুৰি,
আৰু নহওঁ মই মুক্ত বিহঙ্গ দূৰলৈ যাবলে উৰি ……।।
আচৰিত হৈ মই তোমালৈ চালো কিন্তু চিনি যে পোৱা নাই,
ইমান জানো কিয় তোমাক আপোন যেন লাগিছে মইযে বুজাই নাই…
কোনোবা গধূলি,এজাক বৰষু্ণ, আৰু তুমি মোৰ কাষতে আছা বহি,
আজি যেন তোমাক চিনিছোঁ মই, তোমাৰ মনতো লৈছো পঢ়ি ।।
তোমাৰ বুকুৰ স্পন্দনত কিয় মোৰ নাম শুনিছোঁ আজি ?
মইতো নহয় তোমাৰ প্রেমিকা, কিয় পোৱা নাই বুজি ???
হয়তো তুমি কোনোবা দূৰৰ সপোন কোঁৱৰ,বা কোনো মৰুৰ মৰিচিকা,
আহিলা যেতিয়া নেযাবা আৰু মোৰ মন’তে সদায় থাকা …।।
Comments
Post a Comment