কেনেকৈ লেখিলোঁ কবিতা ?


কেনেকৈ লেখিলোঁ ৰাতিৰ কবিতা ?

নিশিৰ বুকুতে জিৰালোঁ এখন্তেক
শান্ত হ’ল মোৰ অৱসন্ন ভাবনা…
আলোকহীনতাৰ নিবিড় সান্নিধ্যৰ পৰশত
বিচাৰি পালো কবিতাৰ প্রেৰণা…

কেনেকৈ লেখিলোঁ হাঁহিৰ কবিতা ?

আইৰ চকুলোৰ উত্তপ্ত ধাৰা
আৰু দেউতাৰ ভাগৰৰ হুমুনিয়াঁহৰ মাত,
তাৰেই মাজতে দুয়োৰে সন্তুষ্টি…
আৰু সান্তনা দিয়ে মোক এটি হাঁহিৰে ছাঁত।।

কেনেকৈ লেখিলোঁ প্রেমৰ কবিতা ?

মৰমৰ এটি স্পৰ্শতে শিৰ দোৱায় লাজুকী লতাই
এটি স্পন্দনৰ সুৰতে শুনিলোঁ সুৱলা গীতৰ কলি..
মিঠা আনুভূতি, শুৱনি সৃষ্টি, চৌদিশ ৰঙেৰে ভৰা,
আকাশৰ সেই পুৱতি তৰাটি হঠাতে উঠেছোঁন জ্বলি…

কেনেকৈ লেখিলোঁ জীৱনৰ কবিতা ?

অনুভূতি-উপলব্ধিৰ চাকনৈয়াতে
হাবাথুৰি খালোঁ বহু দিন
সময়ৰ নিচুকনিত ভাগৰ আতঁৰিল…
দেখিলো কবিতাৰ চিন…

কেনেকৈ লেখিলোঁ নীলাৰ কবিতা ?

নীল সাগৰৰ নীলাভ গভীৰতা মোৰ পৃথিৱী
সপোনে দিঠকে নীলাহে বিচাৰি পাওঁ…..
নীলা কবিতাৰ নীলত্বত আছে মোৰ বর্ত্তমানৰ চিনাকী…….
নীলিমাৰ মাজতে হেৰায় যাওঁ……।

Comments

Popular Posts