তোমাৰ দেশত হেনো বাৰ মাহে কুলিয়ে মাতে
মই কৈছিলোঁ তোমাক বহাগৰ কথা,
বহাগৰ বলিয়া বতাহৰ কথা,
কপৌ ফুলৰ ৰঙেৰে আৰু কুলিৰ মাতেৰে
উত্রাৱল হোৱা লুইতৰ পাৰৰ কথা,
দূৰৈত থাকিও জেতুকাৰ বোলেৰে
ৰঙ সনা মোৰ আকুল মনৰ কথা…
তোমাৰ দেশত হেনো বাৰ মাহে কুলিয়ে মাতে;
শুনানে বাৰু তুমি বাৰ মাহে কুলিৰ মাতত
ৰঙা নদীৰ পাৰৰ প্রেয়সীৰ মনৰ ভাষা?
গুণ-গুণাই নেকি বাৰ মাহে কুলিয়ে
আমাৰ জীৱন গীতৰ কলি ?
তোমাৰ দেশৰ বাৰমহীয়া কপৌপাহীত
আছেনে মোৰ খোপাৰ পৰশ ?
ওৰে বছৰে ডেকা ঢুলিয়াই
কয় নে বাৰু যৌৱনৰ কাহিনী সৰস ?
বাৰমাহে বিহু নচা নাচনীজনীৰ সৈতে বহি
পাতানে তুমি বাৰু মনৰ কথা ?
আছেনে সেই দেশত ডিখৌৰ নিজান ঘাট
উতুৱাবলে বুকুৰ বিষাদৰ বেথা ?
তোমাৰ দেশৰ শান্ত নৈখনিত
আহেনে বাৰ মাহে বহাগৰ জোৱাৰ ?
বিৰিণাৰ সুৰে কাণে কাণে কয়নে
মিঠা মিঠা কথা বহু নতুন আশাৰ ?
বহাগৰ বলিয়া বতাহৰ কথা,
কপৌ ফুলৰ ৰঙেৰে আৰু কুলিৰ মাতেৰে
উত্রাৱল হোৱা লুইতৰ পাৰৰ কথা,
দূৰৈত থাকিও জেতুকাৰ বোলেৰে
ৰঙ সনা মোৰ আকুল মনৰ কথা…
তোমাৰ দেশত হেনো বাৰ মাহে কুলিয়ে মাতে;
শুনানে বাৰু তুমি বাৰ মাহে কুলিৰ মাতত
ৰঙা নদীৰ পাৰৰ প্রেয়সীৰ মনৰ ভাষা?
গুণ-গুণাই নেকি বাৰ মাহে কুলিয়ে
আমাৰ জীৱন গীতৰ কলি ?
তোমাৰ দেশৰ বাৰমহীয়া কপৌপাহীত
আছেনে মোৰ খোপাৰ পৰশ ?
ওৰে বছৰে ডেকা ঢুলিয়াই
কয় নে বাৰু যৌৱনৰ কাহিনী সৰস ?
বাৰমাহে বিহু নচা নাচনীজনীৰ সৈতে বহি
পাতানে তুমি বাৰু মনৰ কথা ?
আছেনে সেই দেশত ডিখৌৰ নিজান ঘাট
উতুৱাবলে বুকুৰ বিষাদৰ বেথা ?
তোমাৰ দেশৰ শান্ত নৈখনিত
আহেনে বাৰ মাহে বহাগৰ জোৱাৰ ?
বিৰিণাৰ সুৰে কাণে কাণে কয়নে
মিঠা মিঠা কথা বহু নতুন আশাৰ ?
Comments
Post a Comment