ইমানকৈ নেভাবিবা তুমি……..


ইমানকৈ নেভাবিবা তুমি……..
সৰল সৰল কথাৰ জতিলতাবোৰ 
খুছৰি ফুৰিছা কিয়?
দূৰুহ নকৰিবা এই যাত্রা তোমাৰ
অকণমান উশাহ নোলোৱা কিয়?
সূর্য্যই ৰশ্মি চটিয়াই, কিয় তুমি তাতে বিচাৰিছা
অগ্নিৰ তীব্রতা ?
পাইছা জানো আন্ধাৰৰ বুকুত বিচাৰি
লা সপোনৰ ধূষৰ ছাঁয়া?
ৰঙা আকাশৰ আঁচলত তুমি বিচাৰি পালানে গানৰ কলি,
নীলা নদিৰ নীলাভ ভাঁজত  নেকি তোমাৰ সুৰ উৱঁলি ?
তৰালিৰ কোচত পালা জানো নিচুকনি আইয়ে দিয়া,
সেউজী হাবিৰ সেউজ মৰমে জুৰালে জানো হিয়া?
অপৰাজিতাৰ উজ্জ্বলতাই পোহৰাবনে তোমাৰ মন,
হাত বাউল দি মাতিলেই জানো আহিব আপোনজন?
জবা ফুলপাহিৰ ৰঙা সেন্দুৰক তেজেৰে ৰিজাবা কিয়,
অদৃশ্য লেখনিৰ অস্পষ্ট পাত্র কিয় তোমাৰ বৰ প্রিয় ?
সন্ধ্যা পৰৰ ধূৱলী কুৱলী তুমি বিচাৰি ফুৰা তৰা,
নিশাৰ আকাশৰ চাদৰৰ তৰাবোৰ নোচোৱা দূৰৰ পৰা 
হেৰাই নেযাবা চিন্তাৰ গর্ভত চিনাকি চিনাকি আশা,
কাষতে থাকি নেপাবা জানো তুমি বিচৰা ভাষা ?  

Comments

Popular Posts