বকুল চাহ বাগিচাৰ দূর্গা পুজা

কবিতা বা কথাৰে প্রকাশ কৰিব নোৱাৰা
কিন্তু আজিও মোৰ মনত জিলিকি থকা এটি স্মৃতি
বকুল চাহ বাগিচাৰ দূর্গা পুজা 
মোৰ ৰালিৰ অতি মনোৰম সোঁৱৰণি
পানী বেলুন পোৱাৰ আশা
আৰু বাগানৰ বজাৰত বাকছ এটাৰ ভিতৰত
ৰঙীন ছবি চোৱাৰ হেঁপাহ
বকুল বাগিচাৰ গোঁসানীৰ প্রতিমাজনা,
গোঁসানীক নিজ চকুৰেও যদি কেতিয়াবা দেখোঁ
হয়তো সেই প্রতিমাতকৈ প্রভাবশালী নহ
গধূলী আৰতিৰ সময়,
ধূপ-ধূনাৰ সুবাস, চাকিৰ পোহৰ,
আৰু মোৰ মন্ত্রমূগ্ধ চাৱনি
গোঁসানীৰ তৃপ্ত মন
আৰু পুজাৰিৰ আকুলতা
বকুল চাহ বাগিচাৰ দূর্গা পুজা ,
আইতাৰ সঁকিয়নি,”ভালকৈ সেৱা কৰিবি
আৰু মোৰ গুলপীয়া নতুন ফ্রকটোত নেৰানেপেৰা বৰষুণে
সৃষ্টি কৰা বোকাৰ ফুটফুটীয়া চিটিকনি
ৰঙীন খাৰুবোৰ মোৰ কণমানি হাতত;
ভাইটিৰ হাতত সৰু এটা পিষ্টল
আৰু ৰঙা ফিটাহেন গুলি’ ;
দশমীৰ হুলস্থূলৰ মাজত গোঁসানীৰ
অন্তিম যাত্রা
আমাৰ ভাৰাক্রান্ত মন
কাৰণ আৰু এটা বছৰ অপেক্ষা কৰিব লাগিব
পানী বেলুনৰ বাবে
আজিকালি মই চিত্তৰঞ্জন পার্কৰ পুজা পেণ্ডেলত
কালিবাৰিৰ ভিৰত দূর্গা পুজা চাওঁ
মূৰ দোঁৱই নির্মালী লওঁতে মোৰ
মনত পৰে 
বকুল চাহ বাগিচাৰ দূর্গা পুজাৰ ছবি
দশকৰো পূৰণি কিছুমান স্মৃতি
আৰু মোৰ গুলপীয়া নতুন ফ্রকটো………

Comments

Popular Posts