এটা মদপী, এটা ফপৰা কুকুৰ........


আজি আকাশখনচোন স্বাধীন নহয়

কাৰাৰূদ্ধ নীলিমাৰ অব্যক্ত ক্ষোভ ..

সন্তর্পনে নামি অহা অন্ধকাৰৰ লা কুঁৱলী

আৰু স্বাধীনতা দিবসৰ আগনিশাৰ নিঃসাৰসাৰ ৰাষ্টাত

পৰি থকা মদপীটোৱে হয়তো মোতকৈ সাহসী……

সি নির্ভয়ে পৰি আছে ফুটপাথত, মুক্ত মন, স্বাধীন আত্মা..

চেৰেলা  ফপৰা কুকুৰকেইতাও আজি মুক্ত

পাইচাৰি কৰি ফুৰিছে দিল্লী হাটৰ সন্মুখত

বিচাৰি ফুৰিছে বন্ধুৰ ঠিকনা চান্দমাৰী ফ্লাইঅভাৰৰ ওপৰত 

মই  জানা ?

চান্দনী চৌকত চিলা উৰুৱাবলৈ যাম নে মই?

নে ঘৰৰ নিৰাপদ কোঠালিৰ সৰু খিড়িকীখনেৰেই 

হাত মেলি মুঠিতে লুকুৱাম এমুঠি স্বাধীনতা ?

এটা মদপী, এটা  ফপৰা কুকুৰ বও নোৱাৰিম নেকি ?

লুইতৰ কথা কওঁ, কিন্তু লুইতৰ বিশালতাৰ পৰা আনিলোঁ জানো

সাহসৰ চানেকি ?

নিৰ্বিঘ্নে থকাৰ তীব্র লোভ….

আৰু বিপত্তিহীনতাৰ আকর্ষণত হয়তো হেৰালো মই,

 নোৱাৰিলো এটা মদপী, এটা  ফপৰা কুকুৰ………

Comments

Popular Posts