তুমি
তোমাৰ কথা ভাবিলে মোৰ কি অনুভৱ হয় জানা ?
তুমি যেন হৃদয়ৰ পৰিধিৰ আশে-পাশে ঘুৰি ফুৰা এটি নিৰাপদ ঠিকনা,
মোৰ সপোন,আঁচনি, পৰিকল্পনাবোৰৰ তুমি অনুপ্রেৰণা,
মোৰ অনুভূতিৰ শ্যামল উপত্যকাৰ বোৱতি নদীখনৰ উৎস,
কেতিয়াবা তুমি যেন জীৱন নৈৰ ঢুকি নোপোৱা ঘাট,
নিখুঁট, উকা অনুভবৰ তুলিকাখনত যেন এটি মুছিব নোৱাৰা দাগ হে তুমি,
আন্ধাৰৰ বুকুত জোনাকী মাদকতাবোৰ যেন নিৰবে থাকে ভ্রমি,
তোমাৰ কথাবোৰ কিয় হয় বাৰু কিছুমান সৰল প্রশ্নৰ জঁটলগা সমিকৰন ?
মোৰ আবেগে পিন্ধি লয় কিয় তোমাৰ মৰমৰ আভূষন ?
মোৰ চিনাকী চহৰখনৰ অচিনাকী জাঙুলৰ মাজত
হঠাতে মুখামুখি হোৱা এটি আপোন-আপোন লগা পৰিচয় তুমি…
এনে লাগে মোৰ, যেন তুমি -
আন্মনা মুহূৰ্ত্তবোৰত মন দাপোনত জিলিকি উঠা স্বতঃস্ফূৰ্ত্ত এখনি প্রতিচ্ছবি ,
নতুবা সেমেকা আবেলিৰ ৰসালি আকাশৰ উজ্জ্বল ইন্দ্রধেনু এখনি ,
অমানিশা ৰাতিবোৰ পোহৰাই তোলা এটি-দুটি উৰণীয়া জোনাকী-পৰুৱা ,
কেতিয়াবা হৈ পৰাছোন তুমি খৰাং ধৰণীত বৃষ্টি ঢলা কপাহী মেঘ এডৰা ,
পথ হেৰুৱা কোনোবা পথিকে বিছাৰি পোৱা এটি এলাগী অকলশৰীয়া বাট…
হোৱানে তুমি যৌৱনৰ উদ্দাম গতিক বুকুত লুকুৱাই থোৱা চেৰাপুঞ্জীৰ জলপ্রপাত ?

Comments
Post a Comment