সতিনীৰ স্মৃতিত...

মাজৰাতি মই তাইৰ ছাঁয়া দেখিলোঁ,
মই ভেকুৰ লগা আখৰৰ এখন চিঠি পঢ়িলোঁ
তাইৰ প্রেম-পত্রৰ পাতনিতে মই 
শামুকৰ খোলাৰ গভিৰতা দেখিলোঁ,
তোমালৈ পঠোৱা চিঠিখনৰ মলিয়ন ভাঁজত
কাউৰিঠেঙীয়া আখৰকেইটাৰ কক্-বকনি,
তাতে আকৌ চিকৰা লগা অনুভূতিৰে সুসজ্জিত
প্রেম-আবেদনৰ কবিতা এফাঁকি
চিঠি নহয় এইখন 
এইখন বান্দৰ-কেকোঁৰাৰে গঁথা জয়মালা তোমালৈ;
বট গছত ওলমি থকা ডাইনীৰ অভিলাষেৰে 
আভূষিত মৰমৰ বতৰা,
লেৰেলা সাদৰৰ ভাষাৰ অভিব্যক্তিয়ে
তোমাক কৰে থকা-সৰকা
হাড়ৰ টোপোলাত চালৰ পৰত (ভূত নে মানুহ মণিবলে টান),
মলঙা তেলৰ গোন্ধ বিকৎ (চাল ওকণিৰে শৰীৰ জ্যোতিষ্মান);
তীখ্ন বুদ্ধিৰ চেঙেলী মাছ, মহিমা বুজা কঠিন,
যদিও হিয়া উগুল-থুগুল, মুখা পিন্ধি তাই গহীন 
কুকুৰীকণা চতুৰ দুচকুত তুমি কিনো সাগৰ দেখা ?
পয়াঁলগা ডিঙিৰ ফটা মাতষাৰৰ স্মৃতিত দুখৰ কবিতা লেখা ?
হাটোৱালী তাই, মনও টেঙৰ - কেনেকৈ হৰে তোমাৰ মন?
কালিকা লগা মন্ত্রৰে তাই জিনিব পাৰে ৰণ 
সতিনী তাই, বীৰাৰ জীয়েক, কন্ধ ভূতৰ সখি,
গাতত লুকায় ভয়তে সাপ-এন্দুৰ দূৰতে তাইক দেখি !!

Comments

Popular Posts