দুৰৰ মাটি .........


দূৰৰ মাটি অচিন মানুহআৰু অচিনাকী আকাশ,
তাতেই আকৌ কৰিব পাৰোমই সকলো কথা প্রকাশ 
ঘৰতে থাকি,চিনাকী মাতো কিয় বা অচিনাকী লাগে ?
অস্পষ্ট কথা, নিচিনা সপোন, নুবুজিও বুজিব লাগে ।।
অজান পখিৰ আকুল মাতত মন হয় ওগুল-থুগুল,
নিচিনা যেন কিয় লাগিছে আজি সন্ধিয়াৰ আকাশৰ হেঙূল 
কুঁৱলীৰ জালত লুকাই আছে নিচিনা এটি আকাৰ,
অবুজ আবেগ, নুবুজা মৰম, কেনেকৈ কৰিম স্বীকাৰ?
সুদূৰৰ এক অচিনা পাহাৰ আৰু এখনি উকা নদী,
যাবানে তুমি মোৰ লগত বাৰু মই লই যাওঁ যদি ??
নেদেখা চকুলো, নুশুনা কান্দোন,এই মাদকতাও অনামিকা,
দিশ বিছাৰি হাবাথুৰি খোৱা এই যাযাবৰক তুমি দেখুৱাবানে দিশা??
তোমাৰ মৰমৰ অস্পষ্ট শব্দবোৰ হেৰাই গইছিল বেদনাৰ মাজত,
হলেও কিন্তু শুনিছিলো মই সেই আকুলতা তোমাৰ মাতত।।।।

Comments

Popular Posts