তেৰটা দিন নে এঘাৰটা বছৰ?

তেৰটা দিন নে এঘাৰটা বছৰ?
আইৰম চানু শর্মীলা, তো্মাৰ নাই ৰামলীলা মৈদানত শিবিৰ,
নাই তোমাৰ চৌপাষে অকস্মাতে জাগ্রত হোৱা নাগৰীকবৃন্দ,
মেঙহৌবী, তুমি জানিলানে মূল্য ৰাজধানীৰ তেৰটা দিনৰ ?
মোৰ মনে মোক কলেহি কাণে কাণে
শর্মীলা এলাগী জীয়ৰী 
মন গৈছিল সুধিবলে মাথোঁ এটা প্রশ্ন
ৰাজবাটৰ মমবাটি জ্বলাই দিশ উজ্বলোৱা এসাগৰ মানুহক,
দিবানে এচলু পানী মেঙহৌবীক ?”
চিনাম চন্দ্রমণিক মনত পৰেনে ?
শর্মীলা, তুমি কিন্তু পাহৰা নাই তাক
মই বুজি পাওঁ
তেৰটা দিন আৰু দিশ উজলিল
নাগৰীক  সচেতন
বহু মমবাটি জ্বলিল
বহুতো পতাকা উৰিল
পাহাৰৰ এঘাৰটা বছৰ নহয়,
বৰঞ্চ এইয়া ৰাজধানীৰ তেৰ দিন 
মনিপুৰ বা অসমৰ নহয় এই তেৰটা দিন
এলাগী নহয় এই তেৰ দিন
মইওঁ সাৰ পাই এৰাতি
জ্বলাবলে লোঁ এডাল মমবাটি,
হঠাতে মনত পৰিলে ৰাইল্ছ টিউব লাগি থকা তো্মাৰ মুখখনি,
শর্মীলা,মইওঁ তোমাৰ দৰেই এলাগী দেখোন,
মইওঁ এই দেশৰ, কিন্তু মইচোন আজি এলাগী
পাহাৰৰ এঘাৰটা বছৰো দেখোন মোৰেই,
বুজি নেপাওঁ মই
কিয় দেখা নাই তো্মাৰ ৰণধ্বজা আনে?
সহস্র অভিযোগ ভৰা চাৱনিয়ে স্পষ্টকৈ বুজালেহি মোক
যে এইয়া ৰাজধানীৰ তেৰ দিন 
মেঙহৌবী,তুমি হেনো আত্মঘাটি, তুমি বোলে আত্নগ্রাহি,
পিছে মই জানো,
মালম মাছাকাৰ প্রতিফলহে তুমি,
মইওঁ এলাগী আজি, তোমাৰ পথৰে নীৰব যাত্রি,
মমবাটি নাই হাতত মোৰ
কিন্তু এই যাত্রাৰ এলাগী পথিক মই
পাহাৰৰ এঘাৰটা বছৰ ৰাজধানীৰ তেৰ দিন হোৱাৰ অপেক্ষাত মই,
শর্মীলা, তোমাৰ তেজ আৰু কিমান জ্বলাবা?
এলাগী হৈ কিমান উপেক্ষীত বা?
মই বুজিলোঁ
মই জানিলোঁ
মমবাটি নোহোৱাকৈযে দেখিলোঁ
এঘাৰটা বছৰ  এদিন তেৰটা দিন 
আৰু মেঙহৌবী, সেইদিনা মই তোমাৰ সৈতে বন্তি জ্বলাম
যিদিনা সহস্র চকুৱে বুজিব
যে পাহাৰৰ এঘাৰটা বছৰো  পাৰে ৰাজধানীৰ তেৰটা দিন 

Comments

Popular Posts