আজৰি পৰত নিৰলে বহি
আজৰি পৰত নিৰলে বহি
এখন্তেক সময় মই তোমাৰ কথা ভাবোঁ…
তুমি হঠাতে চটিয়াই যোৱা ৰঙবোৰ মই
সামৰি লৈছিলোঁ
আৰু সেই ৰঙেৰে মনৰ উকা তুলিকাত
জীৱনৰ নানাৰঙী ছবি আঁকিছিলোঁ…
নিয়ৰে চুমি যোৱা দুবৰিৰ দলিচাত
নিৰবে শুই মই ডাৱৰৰ টুকুৰাবোৰৰ
ধেমালিবোৰ চাওঁ,
তোমাৰ দুচকুৰ অনুভূতিৰ ছবি
আকাশৰ বুকুত মই বিছাৰি পাওঁ…।।
দূৰৈত থাকিও যেন মোৰ কাষতে তুমি…
নেজানোঁ কবিতাৰ ভাষাৰে ক’ব,
নোৱাৰোঁ সাগৰৰ নীলাৰে আঁকিব,
অনুভবৰ সুৰবোৰ মোৰ
তুমি বিছাৰি চাবাছোন…
মনৰ নিবিড় কথাবোৰ ক’বাছোন…
ঠিকনাবিহীন মোৰ মৰমৰ লহৰ,
পৰিচয়বিহীন মোৰ অনুৰাগ,
কুঁৱলীয়ে আবৰা মহানগৰীৰ
যান-বাহনৰ ভিৰেৰে ভৰা
ক’লা ক’লা বাট পথবোৰত
তোমাৰ চিনাকী বিছাৰোঁ মই,
দৈনন্দিনৰ প্রতিতো খোজত
মই উপলব্ধি কৰোঁ তোমাৰ সান্নিধ্যক,
যদিও তুমি মোৰ চকুৰ আঁতৰত
মোৰ মাজতে থাকা তুমি -
মোৰ প্রতি টোপাল তেজত,
মোৰ প্রতিতো কথাত,
মোৰ সমস্ত স্বত্ত্বাত…
এখন্তেক সময় মই তোমাৰ কথা ভাবোঁ…
তুমি হঠাতে চটিয়াই যোৱা ৰঙবোৰ মই
সামৰি লৈছিলোঁ
আৰু সেই ৰঙেৰে মনৰ উকা তুলিকাত
জীৱনৰ নানাৰঙী ছবি আঁকিছিলোঁ…
নিয়ৰে চুমি যোৱা দুবৰিৰ দলিচাত
নিৰবে শুই মই ডাৱৰৰ টুকুৰাবোৰৰ
ধেমালিবোৰ চাওঁ,
তোমাৰ দুচকুৰ অনুভূতিৰ ছবি
আকাশৰ বুকুত মই বিছাৰি পাওঁ…।।
দূৰৈত থাকিও যেন মোৰ কাষতে তুমি…
নেজানোঁ কবিতাৰ ভাষাৰে ক’ব,
নোৱাৰোঁ সাগৰৰ নীলাৰে আঁকিব,
অনুভবৰ সুৰবোৰ মোৰ
তুমি বিছাৰি চাবাছোন…
মনৰ নিবিড় কথাবোৰ ক’বাছোন…
ঠিকনাবিহীন মোৰ মৰমৰ লহৰ,
পৰিচয়বিহীন মোৰ অনুৰাগ,
কুঁৱলীয়ে আবৰা মহানগৰীৰ
যান-বাহনৰ ভিৰেৰে ভৰা
ক’লা ক’লা বাট পথবোৰত
তোমাৰ চিনাকী বিছাৰোঁ মই,
দৈনন্দিনৰ প্রতিতো খোজত
মই উপলব্ধি কৰোঁ তোমাৰ সান্নিধ্যক,
যদিও তুমি মোৰ চকুৰ আঁতৰত
মোৰ মাজতে থাকা তুমি -
মোৰ প্রতি টোপাল তেজত,
মোৰ প্রতিতো কথাত,
মোৰ সমস্ত স্বত্ত্বাত…
Comments
Post a Comment