মই কৃতজ্ঞতা নজনাওঁ তোমাক...
মই কৃতজ্ঞতা নজনাওঁ তোমাক…
বহু দিনৰ আগেয়ে মই কৈছিলোঁ তোমাক
আজিও কওঁ আকৌ
নক’বা মোক অনুপ্রেৰণা বুলি
উদ্বুগ্ধ নকৰোঁ মই তোমাৰ সুপ্ত প্রাণক
সুৰ দিব নেজানোঁ মই তুমি লেখা গানক
জীৱনৰ ৰংবোৰ তুমি নেদেখা মোৰ মনত
সহযোদ্ধা নহওঁ মই তোমাৰ জীৱনৰ ৰণত
আজিও মই পুণৰাবৃত্তি কৰিছোঁ
মই নহওঁ তোমাৰ কবিতা,
মই নহওঁ তোমাৰ নাটৰ নায়িকা ।
চিৰপ্রেৰিত তোমাৰ চিত্ত……..
সৃষ্টিৰ উদগনি তোমাৰ মাতত
নিবিছাৰিবা মোক তুমি জীৱনৰ বাটত
উপন্যাসৰ প্ৰণোদন নাই মোৰ কথাত
সাহিত্যৰ লালিত্য নাই মোৰ ভাষাত
দেবদাসীৰ ভক্তিৰ উৎসৰ্গ হে পাবা
নক’বা মোক অনুপ্রেৰণা বুলি,
অহঙ্কাৰী নুবুলিবা মোক…
কিন্তু কৃতাৰ্থ নহওঁ মই
আজি মই আকৌ কৈছোঁ
মই নহওঁ তোমাৰ ৰাজ্যৰ কুঁৱৰী,
মই নহওঁ তোমাৰ জীৱনৰ লগৰী ।
সমান্তৰাল তোমাৰ মোৰ জীৱনৰ কাহিনী
বনফুল নাই মোৰ উদং বননিত……….
প্রেয়সী তোমাৰ মই নে মই অনুৰাগী তোমাৰ
নে তোমাৰ জাহাজৰ মই নিসঙ্গ নাবিক
কিন্তু জীৱনৰ বাটত মই অকলশৰীয়া পথিক
অভিমানী নুবুলিবা মোক
কিন্তু মনত ৰাখিবা
মই নহওঁ তোমাৰ চোতালতে পৰি ৰোৱা চিনাকী ছাঁ,
মই নহওঁ তোমাৰ দেহা ছুই যোৱা জুৰণীয়া বতাহৰ বা ।
বহু দিনৰ আগেয়ে মই কৈছিলোঁ তোমাক
আজিও কওঁ আকৌ
নক’বা মোক অনুপ্রেৰণা বুলি
উদ্বুগ্ধ নকৰোঁ মই তোমাৰ সুপ্ত প্রাণক
সুৰ দিব নেজানোঁ মই তুমি লেখা গানক
জীৱনৰ ৰংবোৰ তুমি নেদেখা মোৰ মনত
সহযোদ্ধা নহওঁ মই তোমাৰ জীৱনৰ ৰণত
আজিও মই পুণৰাবৃত্তি কৰিছোঁ
মই নহওঁ তোমাৰ কবিতা,
মই নহওঁ তোমাৰ নাটৰ নায়িকা ।
চিৰপ্রেৰিত তোমাৰ চিত্ত……..
সৃষ্টিৰ উদগনি তোমাৰ মাতত
নিবিছাৰিবা মোক তুমি জীৱনৰ বাটত
উপন্যাসৰ প্ৰণোদন নাই মোৰ কথাত
সাহিত্যৰ লালিত্য নাই মোৰ ভাষাত
দেবদাসীৰ ভক্তিৰ উৎসৰ্গ হে পাবা
নক’বা মোক অনুপ্রেৰণা বুলি,
অহঙ্কাৰী নুবুলিবা মোক…
কিন্তু কৃতাৰ্থ নহওঁ মই
আজি মই আকৌ কৈছোঁ
মই নহওঁ তোমাৰ ৰাজ্যৰ কুঁৱৰী,
মই নহওঁ তোমাৰ জীৱনৰ লগৰী ।
সমান্তৰাল তোমাৰ মোৰ জীৱনৰ কাহিনী
বনফুল নাই মোৰ উদং বননিত……….
প্রেয়সী তোমাৰ মই নে মই অনুৰাগী তোমাৰ
নে তোমাৰ জাহাজৰ মই নিসঙ্গ নাবিক
কিন্তু জীৱনৰ বাটত মই অকলশৰীয়া পথিক
অভিমানী নুবুলিবা মোক
কিন্তু মনত ৰাখিবা
মই নহওঁ তোমাৰ চোতালতে পৰি ৰোৱা চিনাকী ছাঁ,
মই নহওঁ তোমাৰ দেহা ছুই যোৱা জুৰণীয়া বতাহৰ বা ।
Comments
Post a Comment