তুমি...
স্নিগ্ধ জোনাকৰ আবেগ সামৰি লৈ তুমি আহিলা মোৰ জীৱনলৈ..
এটি দুটি বহুটি তৰাৰ এধানি এধানি পোহৰেৰে
জিলিকাই তুলিলা মোৰ কৃষ্ণপক্ষৰ নিশা..
তোমাৰ কোমল অনুভূতিৰ কপাহী স্পর্শত
পাহি মেলে মোৰ অনুৰাগৰ কলিয়ে,
আবেগিক হৈ পৰোঁ মই..
তুমি সত্য, তুমি বাস্তব..
তুমি আসক্তিৰে সিক্ত মোৰ নীলা সপোনৰ সংবেদনশীল কোঁৱৰ,
তুমি সংবিধান, তুমি গীতা,
তুমি মহানির্বাণৰ সন্ধানত সত যুগ কৰা সাধনাৰ প্রতিফল..
মৰীচিকাই গৰকা উষ্ম মৰুৰ
এটি দুটি জীৱন জীপাল কৰা তুমি এটি অমিয় জুৰি,
কাঞ্চনজঙ্গাৰ অহংকাৰী তূষাৰৰ
গর্ব খণ্ডিত কৰা সোণালী ৰ’দৰ নৈ তুমি….
নাইল, লুইত, আমাজন অথবা থেম্চৰ প্রাণৱন্ত গতিশীলতাৰ প্রতীক,
তুমি অশোক স্তম্ভৰ মৌন গাম্ভীর্য্য,
খাজুৰাহুৰ ৰমণীয় ভাস্কর্য্য,
সন্তানহীনা কোনো নাৰীৰ অদ্বিতীয় আৰাধনাৰ প্রবলতা তুমি..
কোনোবা ডেকা শ্বহীদৰ
অসহায় মাতৃৰ সীমাহীন বেদনাৰ পৰিত্রাণ তুমি..
তুমি দেবদাসীৰ ভক্তি,
তুমি তর্কবীদৰ যুক্তি,
মোৰ বিশৃংখল চিন্তাধাৰাক শৃংখলাৰে বান্ধি ৰখা এটি নিয়ম হে তুমি..
মোৰ বিবেচনাক বিশ্বস্ত কৰা এটি অতল বিশ্বাস„
তুমি একপাল ভাগ্য…..এবুকু মৰম…
মোৰ পৃথিৱী পৰিক্রমা কৰি থকা একেটি জোনবাই,
মোৰ আকাশ আবৰি ৰোৱা মেঘালীমৰ সেমেকা পৰশ,
মোৰ মনৰ গৰাকী, মোৰ নমন্য তুমি…
Comments
Post a Comment