জীবনৰ তাঁটত...........


জীবনৰ তাঁটত মৰমৰ মাকোৰে
বৈছোঁ মই চাদৰ ৰঙীল ধুনিয়া এটি আশাৰ,
সোণালী আবেগৰ গুনাৰ চাৰিপাৰী…
যেন এটি জোনাক কোনো এন্ধাৰ নিশাৰ ।
শুৱনি মেখেলা জাকত জিলিকা,
সঙ্গ তাৰ আজি সৰু সৰু ফুল,
কি সান্নিধ্য, কি এই মিলন,
সাবধানে বৈ আছো, নকৰো ভূল ।
ৰ’দালিৰ ৰিহা বহলকৈ বৈছোৎ,
দহি বাটি দিছো লৈ সূতা অনুৰাগৰ,
আলফুলে সজাইছো কাপোৰযোৰ 
মই কাটি কৰি মোৰ সকলো ভাগৰ।।
আহিব বহাগ, আনিব মৰম 
আৰু লৈ আহিব বিৰিণাৰ সুৰ,
যৌবন যেতিয়া ৰূপুৱালী  হ’ব,
আৰু সপোনবোৰ হ’ব পুৰ ।
গধূলি হুচঁৰি আহিব পদুলিত,
কৰিব আমাৰ চোতাল শুৱনি,
আশীর্বাদ লৈ দক্ষীনা যাচিম,
মিছিকিয়াই উঠিব এই ধৰনী ।
লাজ লাজ মনেৰে কাপোৰযুৰি পিন্ধিম,
চাই লম ভালকৈ দাপোন,
নব পৰিধান„নব এটি ৰূপ,
আৰু ন ন সাজোন কাচোন ।
বহাগৰ মাদকতা আৰু কুলিৰ গীতেৰে 
কৰিম মই স্বাগতম তোমাক,
কপালত জিলিকিব তোমাৰ মৰমবোৰ
যেন  চিক্ মিক্ ৰূপালী জোনাক ।।।

Comments

Popular Posts