তোমাৰ বাবে
বহু ৰঙে ঢৌ খেলা দেখিছোঁ তোমাৰ মনত
বিবৰ্ণ মোৰ মন তুলিকা, নিস্তেজ মোৰ বুকু..
তুমি সানি দিয়া ৰঙীন আভা মোৰ উকা তুলিকাত……
তোমাৰ ৰঙেৰে বর্ণিল হওক মোৰ আকাশ…
কিমাননো নীলিমাৰ নীলাবোৰ বুটলিম?
আৰু কিমান পাহাৰৰ শ্যামলীমা লেখিম ?
সন্ধিয়াৰ হেঙূলৰ বৰণ একেঘেৰিয়া,
সৰিয়হৰ ফুলডৰাও একেই হালধিয়া ।
নতুন বৰণেৰে সজাই তোলাছোঁন মোৰ হৃদয়ৰ কেন্ভাচ…..
হাঁহি আৰু কান্দোনৰ সেই একেই ধেমালি
অনামিকা অনুভবে কৰে খেলি মেলি…….
খং, অভিমান, প্রেম, অনুৰাগ,
সকলো দেখিলোঁ …
কিছুমান নতুন অনুভূতি লৈ আহাছোঁন তুমি…
বহুযুগে সাৰসিকতি নোহোৱা সপোনবোৰ
সাধিকাৰ পৰা জগোৱা….
আৰু মোৰ কৈ যোৱা কিছুমান নতুন কথা…
বাট চাই আছোঁ মই নঙলামুখত…
সেই একেই গধূলী…
আৰু সেই একেই তৰালী…
তুমি আহিবা বুলি…।
বিবৰ্ণ মোৰ মন তুলিকা, নিস্তেজ মোৰ বুকু..
তুমি সানি দিয়া ৰঙীন আভা মোৰ উকা তুলিকাত……
তোমাৰ ৰঙেৰে বর্ণিল হওক মোৰ আকাশ…
কিমাননো নীলিমাৰ নীলাবোৰ বুটলিম?
আৰু কিমান পাহাৰৰ শ্যামলীমা লেখিম ?
সন্ধিয়াৰ হেঙূলৰ বৰণ একেঘেৰিয়া,
সৰিয়হৰ ফুলডৰাও একেই হালধিয়া ।
নতুন বৰণেৰে সজাই তোলাছোঁন মোৰ হৃদয়ৰ কেন্ভাচ…..
হাঁহি আৰু কান্দোনৰ সেই একেই ধেমালি
অনামিকা অনুভবে কৰে খেলি মেলি…….
খং, অভিমান, প্রেম, অনুৰাগ,
সকলো দেখিলোঁ …
কিছুমান নতুন অনুভূতি লৈ আহাছোঁন তুমি…
বহুযুগে সাৰসিকতি নোহোৱা সপোনবোৰ
সাধিকাৰ পৰা জগোৱা….
আৰু মোৰ কৈ যোৱা কিছুমান নতুন কথা…
বাট চাই আছোঁ মই নঙলামুখত…
সেই একেই গধূলী…
আৰু সেই একেই তৰালী…
তুমি আহিবা বুলি…।
Comments
Post a Comment