Happy Teacher's Day
দীপ্ত চকুত এসাগৰ জ্ঞান
সুপ্ত চেতনাই মোৰ পাইছে প্রাণ ।
বিদ্যাৰ শুভাশীষ বিলাই দিবলে
কৰিলা কত’না যুদ্ধ তুমি,
প্রজ্ঞাৰ পোহৰে উজ্জ্বলাওক মন
তাৰেই প্রচেষ্টাত আছিলা তুমি ।
অশান্ত মনৰ মোৰ উন্মনা সত্ত্বাক
সান্ত্বনা দিলা অকণমান হাত বোলাই,
পৰিজ্ঞানৰ চাকিটি জ্বলালা জীৱনত
শিক্ষাৰ শলিতা নীৰবে জ্বলাই ।
নীলা চিয়াঁহীৰ নীলাভ উপলব্ধি
নীলিমাত ছটিয়াবলে শিকালা মোক,
ওৰেই জীৱনলৈ অক্ষত সম্পত্তি আৰু
বুজনিৰে দিছিলা বিদায় মোক ।
নিয়ৰৰ কণিকা, কুঁৱলীৰ জাল
বেলিটিৰ আভাৰে কৰালা পৰিচয়,
জোনাকী আবেগ, তৰালীৰ ৰূপালীম
সকলো শিকালা কৰিবলে সন্চয় ।
দোকমোকালিৰ ধূসৰ অস্পষ্ট পোহৰত
দিলাহি চানেকী স্পষ্টতাৰ তুমি,
সৰুলৈ মৰম, জেষ্ঠলৈ সন্মান
সখিলৈ চেনেহ যাচিবলে শিকিলোঁ আমি ।
সন্ধ্যাৰ আৰতি পৰত আকোঁৱালি ল’লো
কীট্চৰ কবিতা আৰু শেক্সছপীয়েৰৰ নাট
আব্দুল মালিক আৰু আর্থাৰ হেইলীয়ে নৱ নৱ
পটকথাৰে মন কৰিছিলে শাঁত ।
জীৱনৰ চক্রবেহুত বাৰুকৈ সোমালোঁ
আজি তোমাৰ মাত বিচাৰি হাবাথুৰি খাওঁ,
প্রতিতো খোজত, মোৰ প্রতিখন যুঁজত
তোমাৰ আশীষ কাষতে পাওঁ ।
সুপ্ত চেতনাই মোৰ পাইছে প্রাণ ।
বিদ্যাৰ শুভাশীষ বিলাই দিবলে
কৰিলা কত’না যুদ্ধ তুমি,
প্রজ্ঞাৰ পোহৰে উজ্জ্বলাওক মন
তাৰেই প্রচেষ্টাত আছিলা তুমি ।
অশান্ত মনৰ মোৰ উন্মনা সত্ত্বাক
সান্ত্বনা দিলা অকণমান হাত বোলাই,
পৰিজ্ঞানৰ চাকিটি জ্বলালা জীৱনত
শিক্ষাৰ শলিতা নীৰবে জ্বলাই ।
নীলা চিয়াঁহীৰ নীলাভ উপলব্ধি
নীলিমাত ছটিয়াবলে শিকালা মোক,
ওৰেই জীৱনলৈ অক্ষত সম্পত্তি আৰু
বুজনিৰে দিছিলা বিদায় মোক ।
নিয়ৰৰ কণিকা, কুঁৱলীৰ জাল
বেলিটিৰ আভাৰে কৰালা পৰিচয়,
জোনাকী আবেগ, তৰালীৰ ৰূপালীম
সকলো শিকালা কৰিবলে সন্চয় ।
দোকমোকালিৰ ধূসৰ অস্পষ্ট পোহৰত
দিলাহি চানেকী স্পষ্টতাৰ তুমি,
সৰুলৈ মৰম, জেষ্ঠলৈ সন্মান
সখিলৈ চেনেহ যাচিবলে শিকিলোঁ আমি ।
সন্ধ্যাৰ আৰতি পৰত আকোঁৱালি ল’লো
কীট্চৰ কবিতা আৰু শেক্সছপীয়েৰৰ নাট
আব্দুল মালিক আৰু আর্থাৰ হেইলীয়ে নৱ নৱ
পটকথাৰে মন কৰিছিলে শাঁত ।
জীৱনৰ চক্রবেহুত বাৰুকৈ সোমালোঁ
আজি তোমাৰ মাত বিচাৰি হাবাথুৰি খাওঁ,
প্রতিতো খোজত, মোৰ প্রতিখন যুঁজত
তোমাৰ আশীষ কাষতে পাওঁ ।
Comments
Post a Comment