Nostalgia....
মোৰ চিনাকী আকাশখনে যেন উৎকত গৰমৰ দিনকেইটাক এই বছৰলে বিদায় দিয়াৰ প্রস্তুতি চলাইছে। চৰাই চিৰিকতি আৰু মোক ৰাষ্টাৰে অহা-যোৱা কৰোতে অতিষ্ট কৰা লেতেৰা কুকুৰটোৱেও দুদিনমানৰ পৰা চিঞৰ বাখৰ কৰিবলৈ পাহৰা যেন লাগিছে। সিহঁতৰো মন আৰু দেহত শীতৰ আগমনৰ আগে
আগে এলাহ এলাহ ভাব এটা অহা যেন অনুভৱ হয় মোৰ। দুপৰীয়া চুৰ্চুৰীয়া কিবা অলপ খাই কাম কৰিবলৈ বহিলেওছোন হামিয়াই হিকটিয়াই তৎ নোহোৱা অৱস্থা হয় মোৰ – ভালকৈ এসাজ খাবলে সেইকাৰণে বাদেই দিছোঁ!
যি কি নহওঁক, অসমত চাগে এতিয়া দূৰ্গা পূজাৰ বতাহ বলিছে। ফাঁচি বজাৰৰ এ,চি, মাৰ্কেট নতুবা বাবু বজাৰত পিহি পিহি নতুন কাপোৰ বাছি বাছি লোৱা গ্রাহকৰ ভিৰ হৈছে নিশ্চয়। লতাশীলৰ পূজা ভাগৰ যো-জা চলিছে হয়তো পুৰাদমে।
লাহোৱালৰ বকুল বাগানৰ পূজা মণ্ডপৰ সন্ধিয়াৰ আৰতি চোৱাৰ সুযোগ আকৌ কেতিয়া বা পাম? মোৰ দুই পুত্রই পূজাৰ পানী-বেলুন আৰু ৰঙা ফিটাৰ গুলি থকা পিষ্টল চাগে নেদেখিবই কাহানিও!
মোৰ মাৰ ঘৰৰ চুবুৰীটোত পূজাৰ চান্দা তোলাত ব্যস্ত চাগে “য়ুথ ক্লাব”ৰ জিতু দাহঁত!
চন্দনৰ সুবাস বিয়পি পৰিছে চাৰিওফালে। খুব সম্ভৱ মোৰ তামিল প্রতিবেশী গায়ত্রী নায়াৰে ধূপ জ্বলাইছে।
আজি নিশ্চয় কাৰোবাৰ আগচোতালৰ দুবৰিডৰাত নিয়ৰ সৰিছে। আজি মোৰ চিনকী গছজোপাত হয়তো শেৱালী ফুলিছে…………।

Comments
Post a Comment