খোজ নিদিয়া বাটটি.... ("The road not taken" by Robert Frost)
দুটি বাট ভাগ হ’ল এখনি কুহুম-বুলীয়া অৰণ্যত,
মই দুঃখিত, মই দুয়োটি বাট বুলিব নোৱাৰো
অকলশৰীয়া পথিক মই, বহুপৰ নিথৰ হৈ ৰ’লো
আৰু চাই পঠিয়ালো এটি বাটেৰে – দূৰলৈ,
অতব্যত হেৰাই যোৱা কেকুঁৰিটোলৈ;
এনেতে আনটি বাটত মই চকু ফুৰালো,
আৰু হয়তো এইটো বাটৰ তাগিদা প্রত্যাখ্যান কৰা টান,
কাৰণ শ্যামল ঘাঁহনিৰ বাটটিত খৰ্বতাৰ চিহ্ন নাই
যদিও মই প্রত্যক্ষ কৰিছোঁ
দুয়োটি বাটতেই একেই পদাৰ্পনৰ চিহ্ন,
সেই পুৱা দুয়োটি বাটতে দেখিলো মই
তলসৰা পাতবোৰ, খোজে ক’লা নেপেলোৱা.
প্রথম বাটটোত মই পিছেপৰে খোজ পেলাম!
যদিও মই জানো কেনেকৈ এটি বাটে আন এটি বাটলৈ লৈ যাব পাৰে,
মই হয়তো ঘূৰি নাহিবও পাৰোঁ এই বাটেৰে কাহানিও ।
এটি হুমুনিয়াহ কাঢ়ি মই ক’ম
আজিৰপৰা বহু শতিকাৰ পিছত:
এখনি অৰণ্যত দুটি বাট ভাগ হৈছিল-আৰু মই
কথঞ্চিৎ ব্যৱহাৰ কৰা বাটটো ল’লো বাচি,
আৰু সেয়ে সকলো পাৰ্থক্য আনিলে।
মই দুঃখিত, মই দুয়োটি বাট বুলিব নোৱাৰো
অকলশৰীয়া পথিক মই, বহুপৰ নিথৰ হৈ ৰ’লো
আৰু চাই পঠিয়ালো এটি বাটেৰে – দূৰলৈ,
অতব্যত হেৰাই যোৱা কেকুঁৰিটোলৈ;
এনেতে আনটি বাটত মই চকু ফুৰালো,
আৰু হয়তো এইটো বাটৰ তাগিদা প্রত্যাখ্যান কৰা টান,
কাৰণ শ্যামল ঘাঁহনিৰ বাটটিত খৰ্বতাৰ চিহ্ন নাই
যদিও মই প্রত্যক্ষ কৰিছোঁ
দুয়োটি বাটতেই একেই পদাৰ্পনৰ চিহ্ন,
সেই পুৱা দুয়োটি বাটতে দেখিলো মই
তলসৰা পাতবোৰ, খোজে ক’লা নেপেলোৱা.
প্রথম বাটটোত মই পিছেপৰে খোজ পেলাম!
যদিও মই জানো কেনেকৈ এটি বাটে আন এটি বাটলৈ লৈ যাব পাৰে,
মই হয়তো ঘূৰি নাহিবও পাৰোঁ এই বাটেৰে কাহানিও ।
এটি হুমুনিয়াহ কাঢ়ি মই ক’ম
আজিৰপৰা বহু শতিকাৰ পিছত:
এখনি অৰণ্যত দুটি বাট ভাগ হৈছিল-আৰু মই
কথঞ্চিৎ ব্যৱহাৰ কৰা বাটটো ল’লো বাচি,
আৰু সেয়ে সকলো পাৰ্থক্য আনিলে।
Comments
Post a Comment