some emotions............


1. নীলা চাদৰৰ শিতল ছাঁয়াত থাকিবা নেকি বহি ?
বৰষুণজাকে লেখনিবোৰ উতুৱাই নিলেও চকুতে বা পঢ়ি ।।
বুজিবাজানো উচুপনিখিনিত ভাহি অহা মনৰ কথা ?
বুজিবাজানো হৃদয়ৰ মাজত লুকাই থকা সেই ভাষা ???



2. জানিছিলোঁ মই যে তুমি এই কপাহী অনুভূতিবোৰ
কৰবাত লুকুৱাইছিলা 
 থৈছিলা বাৰু? বুকুৰ স্পন্দণত নে ৰঙা তেজত ??
নে আছিলে বহি সি জুপুকা মাৰি
মনৰ কোনোবা এটা গভীৰ চুকত ???


 3. বানে বাৰু কোনে দিলে
আকাশৰ নীলা, সাগৰৰ ঢৌ আৰু সৰল গছৰ সেউজবোৰ আনি ??
ব্যক্ত হৈছৈ মুক্ত অনুভূতি কবিতাৰ কায়া লৈ আজি
     এই সৃষ্টিঅতি মনোৰম আৰু বহূ গভিৰ
     শুনিলে ভাল লগা চিনাকী সুৰৰ যেন আহবান ।।

Comments

Popular Posts