Thoughts

মই পাহাৰৰ বুকুত তোমাৰ ঠিকনা বিচাৰোঁ,
পথাৰে-পথাৰে ঘূৰি তোমাৰ কথাকে সোঁৱৰোঁ;
ৰাতি জোনাকীৰে মোৰ পৰিচয় হয়,
তোমাৰ মৰমৰ চাকিগছ যেন আওঁসী নিশাৰ জোনটি হয়………
খৰালিত ফুলে কোন ফুল এপাহী?
পখিলাজাক থুপ খায় মোৰ চোতালতে আহি;
শিৰত মোৰ এচিকুট তেজ-ৰঙা মৰম জিলিকি ৰয়
এটোপাল চকুলো যেন এখন নৈ হৈ নিৰলে বয়

সঁচা-মিছা, ভাল-বেয়া নেজানোঁ মই
দিঠক নে কল্পনা? নুবুজোঁ মই;
বুজানে তুমি? জানানে নাই?
এটি জোনাকী পোক যেন এজাক জুই হৈ যায়,
আবেগৰ বতাহজাকচোন আজি ধুমুহা হৈ যায়………।।

Comments

Popular Posts